গুৱাহাটীৰ ৩ আৰক্ষী জিলাত ১৪৪ ধাৰা

নিউজ ডেস্ক:

 

গুৱাহাটীৰ আৰক্ষী আয়ুক্তৰ অধীনস্থ ৩ জিলাত জাৰি কৰা হ’ল ১৪৪ ধাৰা। প্ৰতিবাদৰ আশংকাত জাৰি কৰা হৈছে এই নিষেধাজ্ঞা। চোৰাংচোৱা সূত্ৰে আৰক্ষী বিভাগলৈ প্ৰতিবাদৰ শংকাৰে আহিছে এক বিশেষ বাৰ্তা। একেলগে বহু লোকৰ সমাগমত নিষেধাজ্ঞা।সচিবালয়ৰ আশে-পাশে ৫ জনতকৈ অধিক লোক সমবেত হ’ব নোৱাৰিব। অফিচ-কাছাৰী,ৰাজপথত শ্লোগান দিয়াত বাধা আৰোপ।
আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰশাসন বিভাগৰ DCPএ জাৰি কৰিলে এই নিৰ্দেশনা। গুৱাহাটীৰ তিনিওখন আৰক্ষী জিলাতে শণিবাৰৰ পৰাই কাৰ্যকৰী হৈছে এই নিৰ্দেশনা।।

You might also like
Leave A Reply

Your email address will not be published.