গুৱাহাটীৰ ৰে’ল ষ্টেচনত জব্দ ৬০ লাখ টকা!

 

নিউজ ডেস্ক :

গুৱাহাটী মহানগৰীত বৃহৎ পৰিমাণৰ টকা জব্দ ।গুৱাহাটীৰ ৰে’ল ষ্টেচনত জব্দ প্ৰায় ৬০ লাখ টকা।ৰাজধানী এক্সপ্ৰেছৰ পৰা ৰে’ল আৰক্ষীৰ অভিযানত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ টকাখিনি ।দুটা ছ্যুটকেচত ডিব্ৰুগড়ৰ পৰা অহা দুজন লোকৰ পৰা জব্দ কৰে টকাখিনি ।ৰাজধানী এক্সপ্ৰেছযোগে সৰবৰাহ কৰিছিল বিশাল পৰিমাণৰ ধনখিনি।

উল্লেখ্য যে, জি আৰ পিৰ অ’চি প্রসেনজিৎ দাসৰ নেতৃত্বত চলা এক অভিযানত জব্দ কৰা হয় এই ধনৰাশি ।

ঘটনা সন্দৰ্ভত আটক কৰা হয় দুজন লোকক। অটকাধীন দুজন ঋষিকেশ কুমাৰ আৰু তালমিজ আহমেদক ।দুয়োকে বৰ্তমান জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। আৰক্ষীৰ সম্পুৰ্ণ তদন্তৰ পাছতহে সঠিক তথ্য পোহৰলৈ আহিব।

You might also like
Leave A Reply

Your email address will not be published.