গোপালগঞ্জত উদ্ধাৰ ২৮টা চোৰাং গৰু!

অভিযানত জব্দ তিনিখন পিকআপ বাহনসহ ২৮টা চোৰাং গৰু।

নিউজ ডেস্ক

গোপালগঞ্জত গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।অভিযানত জব্দ তিনিখন পিকআপ বাহনসহ ২৮টা চোৰাং গৰু। আৰক্ষীয়ে আটক কৰে ৭টা গৰু সৰবৰাহকাৰীক ।

হাথুৱাৰ এছডিপিঅ’ অনুৰাগ কুমাৰৰ নেতৃত্বত শ্ৰীপুৰ অ’পিৰ মিশ্ৰবতৰাহা গাঁৱৰ সমীপত উদ্ধাৰ কৰে গৰু সহ ম’বাইল ফোন, ৩খন পিকআপ গাড়ী।
আৰক্ষীক দেখি গৰু সৰবৰাহকাৰীৰ বাহন কেইখন পলাই যায় যদিও আৰক্ষীয়ে খেদি খেদি তিনিওখন পিকআপ বাহন জব্দ কৰিবলৈ সক্ষম হয় । ইউ পিৰ পৰা ছিৱান অভিমুখে লৈ যোৱা অৱস্থাত উদ্ধাৰ গৰু কেইটা ।

আৰক্ষীৰ তথ্য অনুসৰি পশু সুৰক্ষা আইনৰ অধীনত এফআইআৰ ৰুজু কৰি গোপালগঞ্জ আৰক্ষীয়ে সৰবৰাহকাৰী কেইটাক জে’ললৈ প্ৰেৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.