বিশ্বনাথৰ এগৰাকী যুৱতীয়ে তেজপুৰৰ GIMTত অনুষ্ঠিত কৃষি বিভাগৰ প্ৰৱেশ পৰীক্ষাত হাফ পেণ্ট পৰিধান কৰি যোৱাক লৈ সম্প্ৰতি ব্যাপক চৰ্চা চলিছে চ’ছিয়েল মিডিয়াত। ছাত্ৰীগৰাকীক চুটি পোচাক পৰিধানৰ বাবেই প্ৰথমে পৰীক্ষা গৃহত সোমাবলৈ দিয়া নাছিল কৰ্তব্যৰত শিক্ষকে।কিন্তু যুৱতী গৰাকীও কম নহয়! শিক্ষকক উভতি ধৰি যুক্তি দিলে-‘পৰীক্ষাৰ এডমিট কাৰ্ডতটো লিখা নাই হাফ পেণ্ট নিষিদ্ধ বুলি’। তেতিয়া শিক্ষকে ক’লে-‘কিছুমান কথা লিখা নাথাকিলেও কমন চেঞ্চৰ কথা’।যুক্তিতৰ্কৰ মাজতে ছাত্ৰীগৰাকীয়ে নিজৰ দেউতাকৰ সৈতে শিক্ষক জনক ফোনত কথা পতাই দিব বিছাৰে যদিও শিক্ষক জন মান্তি ন’হল।অৱশেষত কতৃপক্ষই নিজৰ স্থিতিত অটল ছাত্ৰীগৰাকীক পৰীক্ষাত বহিবলৈ অনুমতি দিলে বিশেষ কৌশলেৰে।শ্ৰেণীকোঠাৰ খিৰিকীৰ পৰ্দা খুলি আনি ছাত্ৰীগৰাকীৰ গাত মেৰিয়াই পৰীক্ষা দিবলৈ দিয়া হ’ল।এই দৃশ্য দেখি এচামে ইয়াক পুৰনি পৰ্দা প্ৰথাৰ প্ৰত্যাবৰ্তন আখ্যা দিলে।চ’ছিয়েল মিডিয়াত এতিয়া বিষয়টোক লৈ সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ।।
