চৰকাৰৰ ১০০দিন! কি সিদ্ধান্ত আজিৰ কেবিনেটত?

হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ১০০ দিন সম্পূৰ্ণ হোৱাৰ ক্ষনত আজিৰ কেবিনেটত গ্ৰহন কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহ-

????এতিয়াৰে পৰা প্ৰতি মাহে ৰাজ্যৰ একোখনকৈ জিলা সদৰত অনুষ্ঠিত হ’ব ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক।অহা ছেপ্টেম্বৰ মাহত ধেমাজিত অনুষ্ঠিত হ’ব প্ৰথমখন কেবিনেট বৈঠক।
????অৰুণোদয় আঁচনিৰ আৰ্থিক সাহাৰ্য্য মাহিলী ৮৩০ টকাৰ পৰা ১,০০০ টকালৈ বৃদ্ধি।অহা ১০ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ’ব এই সিদ্ধান্ত। প্ৰতি মাহৰ ১০ তাৰিখে হিতাধিকাৰীৰ একাউণ্টত সোমাব ধন।
????শৈক্ষিক পাঠ্যক্ৰমত ভূগোল আৰু বুৰঞ্জী বিষয় দুটা বাধ্যতামূলক হ’ব।
????পৰিবেশ সুৰক্ষাৰ বিশ্বজোৰা অভিযানৰ অংশ ৰূপে গুৱাহাটীৰ বৰ্তমানৰ পৰিবহন ব্যৱস্থাৰ উন্নিতকৰণৰ সিদ্ধান্ত। পৰিবহন ব্যৱস্থাক ইলেক্ট্ৰিক মাধ্যমলৈ পৰিবৰ্তন কৰি গুৱাহাটীৰ বাবে ক্ৰয় কৰা হ’ব ২০০ খন ইলেক্ট্ৰিক আৰু ১০০ খন CNG বাছ।
????ক’ভিডত কৰ্মহীন আন্তঃজিলা বাছ চালক আৰু হেণ্ডিমেন সকললৈ ১০,০০০ টকাকৈ এককালীন সাহাৰ্য্য। এই ক্ষেত্ৰত অনলাইন আৱেদনৰ বাবে অচিৰেই মুকলি কৰা হ’ব ৱেব পৰ্টেল।
ৰাজ্যৰ নামঘৰীয়া আৰু মন্দিৰৰ পুজাৰী সকললৈ ১৫,০০০ টকাকৈ ক’ভিডকালীন আৰ্থিক সাহাৰ্য্য।
????২০২২ চনৰ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যত ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰৱৰ্তনৰ সিদ্ধান্ত। এই নীতিৰ অধিনত অসমৰ উচ্চ মাধ্যমিক বিদ্যালয় সমূহ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নিতকৰণৰ লগতে কনিষ্ঠ মহাবিদ্যালয় সমূহত নৱম আৰু দশম শ্ৰেণী অন্তৰ্ভুক্ত কৰা হ’ব।।

You might also like
Leave A Reply

Your email address will not be published.