চৰণজিৎ সিং পঞ্জাৱৰ নতুন মুখ্যমন্ত্ৰী

চৰণজিৎ সিং চান্নী পঞ্জাৱৰ নতুন মুখ্যমন্ত্ৰী। কংগ্ৰেছে দেওবাৰে চৰণজিৎ সিং চান্নীক পঞ্জাৱৰ নতুন মুখ্যমন্ত্ৰী হিচাপে বাছনি কৰা খৱৰ টুইটাৰ যোগে সদৰি কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা হৰিশ ৰাৱটে।

উল্লেখ্য যে, কেপ্টেইন অমৰিন্দৰ সিঙে শনিবাৰে পি চি চি সভাপতি নৱজ্যোত সিং সিদ্ধুৰ সৈতে কেইবা মাহৰ ৰাজনৈতিক অৰিয়াঅৰিৰ পৰিনতিত পঞ্জাৱৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.