ছালভাডৰত ভয়ংকৰ ঘটনা।

ইণ্টাৰনেচনেল ডেস্ক:

ছালভাডৰত ভয়ংকৰ ঘটনা।ফুটবল খেল চাবলৈ গৈ ষ্টেডিয়ামৰ গে’টত পদপিষ্ট হৈ মৃত্যু হয় একাধিক দৰ্শকৰ। শনিবাৰে অনুষ্ঠিত হোৱা ছালভাডৰিয়ান লীগৰ কোৱাৰ্টাৰ ফাইনেল মেচত সংঘটিত হয় এই ঘটনাটো। গে’টৰ মাজত বৃহৎ সংখক দৰ্শকৰ ঠেলা হেঁচাৰ ফলত পদপিষ্ট হৈ মৃত্যু হয় কমেও ৯ জন লোকৰ। আনহাতে আহত হয় আন ভালেসংখ্যক লোক। আৰক্ষীয়ে জনোৱা মতে, দেশখনৰ ৰাজধানীৰ পৰা প্ৰায় ৪১ কিলোমিটাৰ উত্তৰ-পূবে অৱস্থিত কাস্কাটলানৰ মনুমেণ্টেল ষ্টেডিয়ামত আলিয়াঞ্জা ক্লাব আৰু এফ এ এছৰ মাজত অনুষ্ঠিত হোৱা খেলখনত সংঘটিত হয় এই শোকাৱহ ঘটনাটো। আহতসকলক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।।

You might also like
Leave A Reply

Your email address will not be published.