ছুদানৰ ৰাজধানী খাৰ্টুমৰ চুবুৰীয়া চহৰত ছুদানিজ সেনাৰ ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক!

এয়াৰ ষ্ট্ৰাইকত নিহত হয় ২২ গৰাকীকৈ লোক

ইণ্টাৰনেচনেল ডেস্ক:

ছুদানৰ ৰাজধানী খাৰ্টুমৰ চুবুৰীয়া চহৰত ছুদানিজ সেনাৰ ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক। তথ্য মতে, এয়াৰ ষ্ট্ৰাইকত নিহত হয় ২২ গৰাকীকৈ লোক। নিহত সকলৰ অধিকাংশ শিশু আৰু মহিলা। আনহাতে আক্ৰমণটোত আহত হয় একাধিক ছুদানিজ। দেশখনৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ৰাজধানী খাৰ্টুমৰ চুবুৰীয়া চহৰ ওমদুৰমানৰ দাৰ এছ চালামত সংঘটিত হৈছে এই আক্ৰমণ। ছুদানিজ সেনাৰ জেনেৰেল আব্দেল ফাতাহ অল বুৰহান আৰু ৰেপিড ছাপ’ৰ্ট ফৰ্চৰ জেনেৰেলৰ মাজত চলি থকা সংঘাতৰ পৰিনতিত সংঘটিত হয় এই এয়াৰ ষ্ট্ৰাইক।

ইফালে অৰ্ধসামৰিক গোট ৰেপিড চাপৰ্ট ফৰ্চে (আৰ এছ এফ) জনোৱা মতে, ওমদুৰমানৰ আৱাসিক এলেকাত এয়াৰ ষ্ট্ৰাইকত ৩১ গৰাকীতকৈ অধিক লোক নিহত হোৱাৰ লগতে ধ্বংস হয় কেইবাটাও ঘৰ। আক্ৰমণত বহুসংখ্যক সাধাৰণ নাগৰিক আহত হয় বুলি আৰ এছ এফে জানিবলৈ দিয়ে। সেনাই চহৰখনত থকা অৰ্ধসামৰিক বাহিনীৰ এটা গুৰুত্বপূৰ্ণ সংযোগ লাইনো বিচ্ছিন্ন কৰাৰ চেষ্টা কৰা বুলি জানিব পৰা গৈছে।।

You might also like
Leave A Reply

Your email address will not be published.