অলিম্পিকৰ ছেমি ফাইনেলত পৰাস্ত ভাৰতৰ পুৰুষ হকী দল।টকিঅ’ অলিম্পিকত পুৰুষৰ হকীৰ প্ৰথমখন ছেমি ফাইনেলত ৫-২ গ’লৰ ব্যৱধানত বেলজিয়ামৰ হাতত পৰাস্ত হয় ভাৰত।ভাৰতক পৰাস্ত কৰি ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে অলিম্পিকৰ ফাইনেলত প্ৰৱেশ কৰিলে বেলজিয়ামে।ভাৰতৰ হৈ ছেমি ফাইনেলত হৰপ্ৰীত আৰু মনদীপে এটাকৈ গ’লৰ বৰঙণি আগবঢ়ায়।পৰৱৰ্তী খেলত ব্ৰঞ্জৰ বাবে ভাৰতৰ পুৰুষ হকীৰ দলটো জাৰ্মানী বা অষ্ট্ৰেলীয়াৰ মুখামুখি হ’ব।।
