জম্মু-কাশ্মীৰত পুনৰ দুধৰ্ষ সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ!

আটকাধীন সন্ত্ৰাসবাদী কুপৱাৰা জিলাৰ মহম্মদ উবেইদ মালিক

নেচনেল ডেস্ক:

ম্মু-কাশ্মীৰত গ্ৰেপ্তাৰ এটা দুধৰ্ষ সন্ত্ৰাসবাদী। ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই গ্ৰেপ্তাৰ কৰে জইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদীটোক। আটকাধীন সন্ত্ৰাসবাদী কুপৱাৰা জিলাৰ মহম্মদ উবেইদ মালিক বুলি চিনাক্ত কৰা হৈছে।

NIAৰ তদন্তত প্ৰকাশ পোৱা অনুসৰি, সন্ত্ৰাসবাদীটোৱে পাকিস্তানস্থিত জইছ-ই-মহম্মদৰ কমাণ্ডাৰৰ সৈতে নিয়মিত যোগাযোগ ৰক্ষা কৰিছিল। NIAই ধৃত সন্ত্ৰাসবাদীটোৰ পৰা জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত থকাৰ প্ৰমাণ হিচাপে বিভিন্ন আপত্তিজনক নথি-পত্ৰ উদ্ধাৰ কৰিছে বুলি জানিবলৈ দিয়ে।

You might also like
Leave A Reply

Your email address will not be published.