জালত পৰিল জঘন্য কাণ্ডৰ ৫ পাষণ্ড

নেচনেল ডেস্ক,এন ই ভাৰত

সভ্যতাক জোকাৰি যোৱা যুৱতী নিৰ্যাতনকাৰী যুৱতীসহ ৫ পাষণ্ড অবশেষত আৰক্ষীৰ জালত। কৰ্ণাটক আৰক্ষীয়ে বাংগালুৰুত আটক কৰিছে ৫ অত্যাচাৰীক।
নিৰ্যাতিতাৰ লগতে নিৰ্যাতনকাৰী দলটো বাংলাদেশৰ। ঢাকা আৰক্ষীয়ে ভিডিঅ’টো চাই নিশ্চিত কৰিছিল এই কথা।১৫-১৬ দিন পূৰ্বেই এই ঘটনা সংঘটিত হোৱাৰ পাছত ভাইৰেল হৈছিল সভ্যতাক জোকাৰি যোৱা জঘন্য ঘটনাটো। অসম আৰক্ষীয়েও মহিলা সহ ৫ দুৰ্বৃত্তৰ ফটো প্ৰকাশ কৰি চিনাক্তকাৰীলৈ পুৰস্কাৰ ঘোষণা কৰিছিল। দুৰ্বৃত্তৰ দলটোৰ নেতৃত্বত আছিল ৰিফাতুল ইছলাম ৰিদয় ওৰফে ‘টিকটক ৰিদয় বাবু’।প্ৰেমৰ জালত পেলাই যুৱতী গৰাকীক ভাৰতলৈ ফুৰোৱাৰ চলেৰে আনি ৰিফাতুলে যুৱতীগৰাকীৰ ওপৰত বন্ধুৰে মিলি চলাইছিল অকথ্য যৌন নিৰ্যাতন।এই দুস্কাৰ্যত ৪ পাষণ্ডক সহযোগ কৰিছিল এগৰাকী যুৱতীয়ে।ভিডিঅ’টো ভাইৰেল হোৱাৰ পাছতেই হুৱাদুৱা লাগিছিল চৌদিশে।।

You might also like
Leave A Reply

Your email address will not be published.