টংলাত বগলী নিধন কাণ্ডৰ অভিযুক্ত ৩ জনক গ্ৰেপ্তাৰ

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

সমগ্র ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টি কৰা ওদালগুৰি জিলাৰ টংলা পৌৰসভাৰ পক্ষী নিধনৰ বৰ্বৰ কাণ্ডত জড়িত থকাৰ অপৰাধত কাৰ্যবাহী বিষয়া, কনিষ্ঠ অভিযন্তা আৰু গাড়ীৰ চালকসহ তিনিজন বিষয়া কৰ্মচাৰীক আজি বনমহোৎসবৰ প্ৰথম দিনাই ওদালগুৰি জিলাৰ ধনশ্ৰী বন সংমণ্ডলে গ্ৰেপ্তাৰ কৰা কাৰ্যত সন্তুষ্টি প্ৰকাশ কৰিছে প্ৰকৃতি প্ৰেমী দল -সংগঠনে। উল্লেখযোগ্য যে, যোৱা ২৪ জুন তাৰিখে টংলা পৌৰসভাৰ দ্বাৰা টংলা ১ নং খণ্ডত বগলী আৰু পানী কাউৰী খেদিবলৈ বগলী আৰু পানী কাউৰী আশ্ৰয় লোৱা বাঁহ গছ কাটি বাহ সমূহ ভাঙিবলৈ দিয়া নিৰ্দেশৰ ফলত বগলী আৰু পানীকাউৰীৰ প্ৰায় দুই শতাধিক পোৱালিৰ মৃত্যু ঘটিছিল। এই কথা ৰাজহুৱা হোৱাৰ পিছত সমগ্র ৰাজ্যতে সকলো পক্ষই তীব্ৰ গৰিহণা দিয়াই নহয় উচ্চ পৰ্যায়ৰ তদন্ত কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বন বিভাগক দায়িত্ব অৰ্পণ কৰিছিল। ইয়াৰ পিছতে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই প্ৰেৰণ কৰা ৰাজ্য চৰকাৰৰ বন বিভাগৰ মুখ্য বন সংৰক্ষক , ওদালগুৰি জিলা উপায়ুক্ত, বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্য তথা বিভিন্ন দল -সংগঠনে টংলা নগৰৰ এক নং ওৱাৰ্ডত সংঘটিত ঘটনাস্থলীত উপস্থিত হৈছিল। বনবিভাগে প্ৰকৃতিপ্ৰেমী তথা বিভিন্ন দল -সংগঠনক অচিৰেই দোষী সাব্যস্ত হোৱা পৌৰ সভাৰ বিষয়া কেইজনক গ্ৰেপ্তাৰ কৰা হব বুলি আশ্বাস দিছিল। অৱশেষত যোৱা ২৫ জুনত বন বিভাগে টংলা আৰক্ষী থানাত বন্যপ্ৰাণী সুৰক্ষা আইন ১৯৭২ৰ অধিনত এজাহাৰ দাখিল কৰিছিল।সেইমতে ৫৫/৮ নম্বৰৰ এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছিল। আনহাতে ওদালগুৰি জিলা বন সংমণ্ডল বিভাগেও উক্ত পক্ষী নিধন সম্পৰ্কত নিজা ববীয়া গোচৰ ৰুজু কৰি তদন্তৰ অন্তত আজি ধনশ্ৰী বনসংমণ্ডল কাৰ্যালয়ে টংলা পৌৰ সভাৰ কাৰ্যবাহী বিষয়া শান্তনু দাস, কনিষ্ঠ অভিযন্তা সদানন্দ চহৰীয়া আৰু গাড়ী চালক মিলন চাংমাক গ্ৰেপ্তাৰ কৰি ওদালগুৰি ন্যায়িক আদালতত হাজিৰ কৰোৱাৰ পাছত জেল হাজোতলৈ প্ৰেৰণ কৰা হয়। আনহাতে, উক্ত ঘটনাৰ লগত জড়িত থকা টংলা পৌৰ সভাৰ পৌৰপতি তথা এম চি এল এ দিলীপ বড়োক বৰ্তমানলৈ গোচৰৰ আওতালৈ ননাক লৈ একাংশ লোকৰ মাজত সন্দেহ উপজিছে সংশ্লিষ্ট বিভাগৰ ওপৰত। যিহেতু যোৱা ২২ জুনত পৌৰপতি বড়োৱে একাংশ লোকৰ অভিযোগৰ ভিত্তিত বগলী খেদিবলৈ বাঁহ গছ জোপা কাটিবলৈ লিখিত নিৰ্দেশ জাৰি কৰিছিল আৰু সেই নিৰ্দেশৰ ভিত্তিত কনিষ্ঠ অভিযন্তা সহ পৌৰসভাৰ লোকে বাঁহ জোপা কটাৰ ফলত এনেদৰে বহু বগলী আৰু পানী কাউৰীৰ পোৱালিৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.