টকিঅ’ অলিম্পিকত ভাৰতৰ দ্বিতীয়টো পদক লাভ। বেডমিণ্টনত মহিলাৰ চিংগলছত ব্ৰঞ্জৰ পদক অৰ্জন পি ভি সিন্ধুৰ। চীনৰ বি জে হিক ২১-১৩,২১-১৫ৰ ব্যৱধানত পৰাস্ত কৰে ভাৰতীয় শ্বাটলাৰ গৰাকীয়ে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ৰিঅ’ অলিম্পিকতো ৰূপৰ পদক লাভ কৰা পি ভি সিন্ধু অলিম্পিকত একেৰাহে দুটাকৈ পদক অৰ্জনকাৰী প্ৰথমগৰাকী ভাৰতীয়।।
