ডাইন’চ’ৰৰ নতুন প্ৰজাতিৰ সন্ধান

ইন্টাৰনেচনেল ডেস্ক, এন ই ভাৰত

ডাইন’চ’ৰ! এই বিলুপ্তপ্ৰায় জীৱবিধৰ ওপৰত বৰ্তমানেও জীৱ বিজ্ঞানীসকলৰ অনেক গৱষণা অব্যাহত আছে। সাম্প্ৰতিক সময়ত অষ্ট্ৰেলীয়াৰ বিজ্ঞানী সকলে ডাইন’চ’ৰৰ এক নতুন প্ৰজাতি তালিকাভুক্ত কৰিছে। অষ্ট্ৰেলীয়াৰ বিজ্ঞানী সকলে ২০০৬ চনতে কুইন্সলেণ্ডত ডাইন’চ’ৰৰ এক জীৱাশ্ম উদ্ধাৰ কৰিছিল আৰু এক দীঘলীয়া গৱেষণাৰ অন্তত ডাইন’চ’ৰৰ এই প্ৰজাতি অষ্ট্ৰেলীয়াৰ মহাদ্বীপত উদ্ধাৰ কৰা আটাইতকৈ ডাঙৰ প্ৰজাতিৰ ডাইন’চ’ৰ বুলি মত প্ৰকাশ কৰে। ডাইন’চ’ৰৰ এই নতুন প্ৰজাতিবিধক ‘অস্ট্রালোটাইটান কুপাৰেনসিস’ বা ‘দ্য সাউদার্ন টাইটান’ নামেৰে নামাকৰণ কৰা হৈছে। গৱষকে দাবী কৰা অনুসৰি অষ্ট্ৰেলীয়াত উদ্ধাৰ কৰা এই প্ৰজাতি বিধ বিশ্বৰ বৃহৎ ডাইন’চ’ৰৰ ১৫বিধৰ ভিতৰত এবিধ। এই প্ৰজাতিটোৰ আকাৰ এটি বাস্কেট বলৰ কৰ্টৰ সমান, ইয়াৰ উচ্চতা ২১ ফূট আৰু দৈৰ্ঘ প্ৰায় ৯৮ ফুট।গবেষক সকলৰ ধাৰণা মতে প্ৰায় ৯ কোটি ২০ লাখৰ পৰা ৯ কোটি ৬০ লাখ বছৰ পূৰ্বে ক্ৰিন্টাচিয়াছ যুগত এই প্ৰজাতিৰ ডাইন’চ’ৰে অষ্ট্ৰেলীয়া মহাদেশত বিচৰণ কৰিছিল। ।

You might also like
Leave A Reply

Your email address will not be published.