মহানগৰীত অসম আৰক্ষীৰ অপৰাধ শাখাৰ অভিযান। গড়চুক থানাৰ অন্তৰ্গত সাউকুচিৰ ত্ৰিনয়ন পথৰ ৰতন বড়ো নামৰ এজন লোকৰ পত্নী ৰীতা বড়ো (৩০)ৰ ঘৰত তালাচী চলাই ১৪ টা ব্ৰাউন চুগাৰৰ কন্টেনাৰৰ লগতে নগদ ৪০০০ টকা উদ্ধাৰ। অভিযানকাৰীৰ দলটোৱে মহিলাগৰাকীয়ে ড্ৰাগছ বিক্ৰী কৰি ক্ৰয় কৰা প্ৰায় ২ লাখ টকা মূল্যৰ এখন নতুন য়ামাহা R1 বাইকো জব্দ কৰিছে। অধিক তথ্যৰ বাবে আৰক্ষীৰ অভিযান অব্যাহত আছে।।
