ঢেকিয়াজুলিৰ ৰাক্ষসমাৰী আৰক্ষীৰ বৃহৎ সফলতা।কালি নিশা ৰাক্ষসমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক দিলীপ বৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জাসহ এটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।ঢেকিয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত বালিগাঁও আমতল অঞ্চলত চলোৱা অভিযানত মহম্মদ আবু হুছেইন আৰু মহম্মদ আবু আলম নামৰ ভাতৃদ্বয়ে নিজৰ ঘৰৰ শৌচাগাৰৰ গাঁতত লুকুৱাই থোৱা ২০ কেজি গাঞ্জা আৰক্ষীয়ে জব্দ কৰাৰ লগতে গাঞ্জা সৰবৰাহকাৰী দুই ভাতৃৰ মহম্মদ আবু হুছেইনক গ্ৰেপ্তাৰ কৰে যদিও মহম্মদ আবু আলম এই পৰ্যন্ত পলাতক অবস্থাত আছে।।
