চ’ছিয়েল মিডিয়াত তালিবানক সমৰ্থন কৰা ১৩ জনক গ্ৰেপ্তাৰ। ১৭ টা প্ৰফাইল চিনাক্ত কৰি ১০ জিলাৰ পৰা ১২ জনক আটক।সম্প্ৰতি ডুবাই, চৌদি আৰৱ আৰু মুম্বাইত থকা আন ৩ জনকো চিনাক্ত কৰি গ্ৰেপ্তাৰৰ তৎপৰতা আৰক্ষীৰ। এই পৰ্যন্ত দৰঙত ১,কামৰূপত ৩,ধুবুৰীত ২,হোজাইত ১,কৰিমগঞ্জত ১,বৰপেটাত ২,দক্ষিণ শালমাৰাত ১,গোৱালপাৰাত ১ আৰু কাছাৰৰ পৰা এজনক গ্ৰেপ্তাৰ। আটকাধীন সকলৰ মাজত আছে চিকিৎসা বিজ্ঞানৰ ছাত্ৰ আৰু মৌলৱীও। উল্লেখযোগ্য যে চ’ছিয়েল মিডিয়াত তালিবানক সমৰ্থন কৰি একাংশ লোকে ‘ক্লাৱ হাউছ’ নামৰ প্লেটফৰ্মত আলোচনা কৰিছিল।।
