ত্ৰিশূলেৰে হানি পিতৃয়ে হত্যা কৰিলে সুৰাসক্ত পুত্ৰক

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত-

পলাশবাৰীৰ দখলাত পিতৃয়ে ত্ৰিশূলেৰে হানি খুচি হত্যা কৰিলে পুত্ৰক। দেওবাৰে নিশা মনোজ শৰ্মা নামৰ বাইশ বছৰীয়া যুৱকজনে মদ্যপান কৰি ঘৰত অপ্ৰিতীকৰ পৰিৱেশৰ সৃষ্টি কৰি থকাত অতিষ্ঠ হৈ পৰিছিল পৰিয়ালৰ লোক। পিছত পিতৃ পবিত্ৰ শৰ্মাই খঙত অগ্নিশৰ্মা হৈ চোতালতে থকা মন্দিৰৰ পৰা ত্ৰিশূল এপাত লৈ ওলাই আহি পুত্ৰৰ পেটত হানি খুচি আক্ৰমণ কৰে। ফলত লগে লগেই মনোজ শৰ্মাই চোতালত ঢলি পৰে । কিছু সময় পিছত বিজয়নগৰৰ আৰক্ষী ঘটনাস্থীলত উপস্থিত হৈ আহত যুৱকজনক মিৰ্জাৰ চিকিৎসালয়লৈ লৈ যায় যদিও ইতিমধ্যেই মৃত্যু ঘটে। অৱশ্যে পুত্ৰহন্তা পবিত্ৰ শৰ্মাই লগে লগেই বিজয়নগৰ আৰক্ষী চকীত আত্মসমৰ্পণ কৰে। পিতৃয়ে ত্ৰিশূলেৰে হানি পুত্ৰক হত্যা কৰা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.