দিল্লীৰ প্ৰাক্তন স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনক উচ্চতম ন্যায়ালয়ৰ জামিন প্ৰদান

চিকিৎসাৰ বাবে ৬ সপ্তাহৰ বাবে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে

নিউজ ডেস্ক:

চিকিৎসাৰ বাবে আপৰ নেতা তথা দিল্লীৰ প্ৰাক্তন স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনক উচ্চতম ন্যায়ালয়ৰ জামিন প্ৰদান। প্ৰাক্তন স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনক ৬ সপ্তাহৰ বাবে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে। ধন সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ হোৱাৰ পিছত যোৱা বছৰৰ মে’ মাহৰ পৰা তিহাৰ কাৰাগাৰত বন্দী হৈ আছিল সত্যেন্দ্ৰ জৈন। কাৰাগাৰৰ বাথৰুমৰ ভিতৰত পিছলি পৰাৰ পিছত লোক নায়ক চিকিৎসালয়ৰ আই চি ইউত ভৰ্তি হোৱাৰ এদিন পিছতে সত্যেন্দ্ৰ জৈনক জামিন প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে ।

শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ক চিকিৎসাৰ বাবে অন্তৱৰ্তীকালীন জামিনৰ কথা বিবেচনা কৰাৰ পূৰ্বে জৈনক স্বতন্ত্ৰ চিকিৎসা দলৰ দ্বাৰা পৰীক্ষা কৰোৱাৰ অনুৰোধ কৰিছিল ED য়ে। অৱশ্যে এই কথাত সন্মতি প্ৰকাশ কৰা নকৰাত ED য়ে অন্তৱৰ্তীকালীন জামিনত থকাৰ সময়ত তেওঁক এটা স্বতন্ত্ৰ চিকিৎসা দলৰ দ্বাৰা পৰীক্ষা কৰিবলৈ অনুৰোধ জনায়, যিটো অনুৰোধ বিবেচনা কৰিব বুলি আশ্বাস প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে।

কিয় আপ নেতা সত্যেন্দ্ৰ জৈনক গ্ৰেপ্তাৰ কৰা হৈছিল?

যোৱা বছৰৰ মে’ মাহত ধন সৰবৰাহৰ গোচৰত সত্যেন্দ্ৰ জৈনক গ্ৰেপ্তাৰ কৰিছিল EDয়ে। ২০১৭ চনত আপ নেতাগৰাকীৰ বিৰুদ্ধে দুৰ্নীতি প্ৰতিৰোধ আইনৰ অধীনত দাখিল কৰা CBIৰ প্ৰথম তথ্য প্ৰতিবেদনৰ ভিত্তিত এই গোচৰটো দাখিল কৰা হৈছিল, য’ত তেওঁৰ সৈতে জড়িত বুলি অভিযোগ উত্থাপন কৰা চাৰিটা কোম্পানীৰ জৰিয়তে ধন লুণ্ঠন কৰাৰ অভিযোগ উত্থাপন হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.