দু-সংবাদ! পথ দুৰ্ঘটনাত মৃত্যু SI জোনমণি ৰাভাৰ

নিউজ ডেস্ক :

ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু অসম আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ।জখলাবন্ধাত ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ মাৰুতি এল্ট’ৰ।জখলাবন্ধাৰ সৰুভগীয়াত নিশা প্ৰায় ডেৰ বজাত সংঘটিত হয় এই ভয়ংকৰ ঘটনা।জোনমণি ৰাভাই AS 01 EN 7273 নম্বৰৰ নিজৰ মাৰুতী এল্ট’ কাৰখন চলাই নিশা উজনিলৈ গৈ থকাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা। UP78-UT-4518 নম্বৰৰ ট্ৰাকখনৰ সৈতে সংঘৰ্ষ জোনমণি ৰাভাৰ বাহনৰ। ফলত ঘটনাস্থলীতে মৃত্যু হয় উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ।।নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ IC আছিল জোনমণি ৰাভা।খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয়গৈ নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলে।জখলাবন্ধা চিকিৎসালয়ত ৰখা হৈছে জোনমণি ৰাভাৰ মৃতদেহ।এগৰাকী সাহসী আৰক্ষী বিষয়াৰূপে পৰিচিত আছিল জোনমণি। ‘লেডী সিংঘম’ বুলিও অভিহিত কৰিছিল বহুতে।।

You might also like
Leave A Reply

Your email address will not be published.