বৈদিক বৈষ্ণৱ ধৰ্মৰ অন্যতম গুৰি ধৰোঁতা মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱে সমাজক আধ্যাত্মিকতাৰ বাট দেখুৱাই স্থাপন কৰিছিল মানেৰি, বহৰি, কৈহাটী আদি সত্ৰ ৷
গুৰুজনাৰ শিষ্য খাগাৰা দেউৰীয়ে স্থাপন কৰা হাজো
ৰামদিয়াৰ দেউৰীয়াপাৰাত অৱস্থিত শ্ৰী শ্ৰী হৰিদেৱ সত্ৰত গুৰুজনাৰ ৭৭৩ সংখ্যক আৱিৰ্ভাৱ তিথি এইবেলিও উলহ মালহেৰে উদযাপন কৰা হয়।
উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি ধৰ্মীয় আলোচনী উন্মোচন, নামপ্ৰসংগ আদি অনুষ্ঠিত কৰা হয়।
উল্লেখযোগ্য যে ১৩৪৮ শকত জন্মগ্ৰহণ কৰা মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱৰ ১৪৮৮ শকত মহাপ্ৰয়াণ ঘটিছিল। গুৰুজনাৰ জীয়ৰী চিৰকুমাৰী ভূবনেশ্বৰীয়ে বহৰি সত্ৰৰ সত্ৰাধিকাৰৰ আসন শুৱনী কৰিছিল৷ তেঁৱেই এইপৰ্যন্ত একমাত্ৰ মহিলা সত্ৰাধিকাৰ।।
