‘ধিং এক্সপ্ৰেছ’ৰ স্বপ্নভংগ !

স্পৰ্টছ ব্যুৰ’ এন ই ভাৰত-

পূৰণ নহ’ল ধিং এক্সপ্ৰেছ হিমা দাসৰ অলিম্পিক যাত্ৰাৰ সপোন। টকিঅ’ অলিম্পিকৰ সপোন চূৰমাৰ হিমা দাসৰ৷ আঘাতৰ বাবেই যোগ্যতা অৰ্জনত ব্যৰ্থ হিমা৷ ৰাষ্ট্রীয় চেম্পিয়নশ্বিপৰ ২০০ মিটাৰত ব্যৰ্থ হয় ধিং এক্সপ্ৰেছ হিমা৷ পঞ্চম স্থানতহে দৌৰ সম্পূৰ্ণ কৰে হিমাই৷ টকিঅ’লৈ যোগ্যতা অৰ্জনৰ সময়সীমা আছিল ২২.৮০ ছেকেণ্ড৷ ২৫.০৩ ছেকেণ্ডতহে দৌৰ সম্পূৰ্ণ হিমাৰ৷ আঘাতৰ বাবে ৪x১০০ মিটাৰ ৰীলেত অংশ নল’লে হিমাই৷।

You might also like
Leave A Reply

Your email address will not be published.