শুকুৰবাৰে কোকৰাঝাৰত ব্যব্যসায়ীৰ পৰা ধন দাবী কৰাৰ অভিযোগত তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰা আবকাৰী অধীক্ষক হিমানজ্যোতি বৰাৰ বাসগৃহত অভিযান চলালে নগাঁও আৰক্ষীয়ে। শুকুৰবাৰে আবকাৰী অধীক্ষক হিমানজ্যোতি বৰাক গ্ৰেপ্তাৰ কৰাৰ পিছতেই আবকাৰী অধীক্ষকগৰাকীৰ নগাৱঁৰ বাসগৃহত অভিযান চলাই আৰক্ষীৰ এটা দলে। নগাঁও চহৰৰ নাইটিংগল এপাৰ্টমেণ্টত সন্ধিয়া অভিযান চলায় আৰক্ষীৰ দলটোৱে। দুৰ্নীতি নিবাৰক শাখাৰ নিৰ্দেশ মৰ্মে নগাঁও আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক দীপ্তি মালীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে আবকাৰী অধীক্ষক হিমানজ্যোতি বৰাৰ পত্নী থকা বাসগৃহত অভিযান চলায়। অৱশ্যে বিষয়াগৰাকীৰ বাসগৃহত নগদ ধন পোৱা নাই বুলি সংবাদ মাধ্যমক জনালে অভিযানকাৰী দলক নেতৃত্ব দিয়া উপ আৰক্ষী অধীক্ষক দীপ্তি মালিয়ে। কোনো আপত্তিজনক সামগ্ৰী জব্দ কৰা নাই বুলিও উল্লেখ কৰে আৰক্ষী বিষয়াগৰাকীয়ে।
