নগাঁৱত ড্ৰাগছ মাফিয়াৰে আৰক্ষীৰ সংঘৰ্ষ

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

নগাঁৱত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান তীব্ৰতৰ হৈ পৰাৰ সময়তে আজি সংঘটিত হয় গুলীচালনাৰ ঘটনা।নগাঁৱৰ হেৰাপট্টি অঞ্চলত আৰক্ষী আৰু ড্ৰাগছ মাফিয়াৰ মাজত সংঘটিত হয় এই সংঘৰ্ষ।আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ তৎপৰতাত জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত কুখ্যাত ড্ৰাগছ মাফিয়া মনছুৰ আলীক কৰায়ত্ত কৰিবলৈ যোৱা আৰক্ষী দললৈ ড্ৰাগছ মাফিয়াটোৱে গুলীচালনা কৰাত আৰক্ষীয়েও আত্মৰক্ষাৰ বাবে গুলীচালনা কৰে। ফলত আৰক্ষীৰ গুলীত ভৰিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পলায়ন কৰিবলৈ সক্ষম ন’হল ড্ৰাগছ মাফিয়াটো। আৰক্ষীয়ে ড্ৰাগছ মাফিয়া মনছুৰক আটক কৰাৰ লগতে এটা 9mm পিষ্টল আৰু ছয় জাঁই সজীব গুলী মাফিয়াটোৰ পৰা জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে বৃহস্পতিবাৰেও নগাওঁ আৰক্ষীয়ে হস্তনিৰ্মীত পিষ্টল সহ ড্ৰাগছ মাফিয়াক আটক কৰিছিল। কুখ্যাত ড্ৰাগছ মাফিয়া মনছুৰ আলীৰ গ্ৰেপ্তাৰ নগাঁও আৰক্ষীৰ বৃহৎ সফলতা ৰুপে পৰিগণিত হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.