নেচনেল ডেস্ক :

য়ডাত ৫০ লাখ টকাসহ আটক তিনিজন লোক। নয়ডা আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ ক’লা ধন ।নগদ ধনৰ উপৰিও ভুৱা আধাৰ কাৰ্ড, অন্যান্য নথি-পত্ৰ, এখন গাড়ীৰ লগতে তিনিটা মোবাইল ফোনো উদ্ধাৰ কৰে আৰক্ষীয়ে । ধৃত লোক কেইজন বিহাৰৰ ৰামজী সিং,কামেশ্বৰ প্ৰসাদ আৰু দিল্লীৰ দিলছাদ গাৰ্ডেনৰ বাসিন্দা সন্তৰাম বুলি জানিব পৰা গৈছে। আটাইকেইজনকে মেট্ৰ’ ষ্টে হোটেল ছেক্টৰ ২৭ নয়ডাৰ ওচৰৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আয়কৰ বিভাগকো অৱগত কৰে।

প্ৰাথমিক তদন্ত মতে, এই ধন অভিযুক্তই বিহাৰৰ পাটনাৰ পৰা আনিছিল ।এই ঘটনাত আৰু ৪ অভিযুক্ত জড়িত আছে বুলি সন্দেহ আৰক্ষীৰ।আৰক্ষীয়ে ইতিমধ্যে তেওঁলোকক বিচাৰি অভিযান আৰম্ভ কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.