নিউজিলেণ্ডৰ ৰাজধানী ৱেলিংটনত বিধ্বংসী অগ্নিকাণ্ড

ইণ্টাৰনেচনেল ডেস্ক:

নিউজিলেণ্ডৰ ৰাজধানী ৱেলিংটনত বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত থিতাতে নিহত ৬জন লোক । আনহাতে গুৰুতৰভাৱে আহত ১১ জনকৈ লোক। ৱেলিংটনৰ অগ্নিনিৰ্বাপক বাহিনীয়ে জনোৱা অনুসৰি, অগ্নিকাণ্ড সংঘটিত হোৱা হোষ্টেলৰ পৰা সুৰক্ষিতভাৱে ওলাই আহিছিল প্ৰায় ৫২ জনকৈ লোক। ঘটনাস্থলীত ৯০ জনীয়া অগ্নিনিৰ্বাপক বাহিনীৰ এটা দল উপস্থিত হৈ পুৱা ৬ বজাতহে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। এই পৰ্যন্ত অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই।।

You might also like
Leave A Reply

Your email address will not be published.