নিচা এৰাৰ হেতাওপৰাত বিপাঙত নিচামুক্তি কেন্দ্ৰ !

বিশেষ সেৱা, এন ই ভাৰত-

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিদেৰ্শত আৰক্ষী প্ৰশাসনে ড্ৰাগছকে ধৰি বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। ঠায়ে ঠায়ে জব্দ হৈছে ড্ৰাগছ । জব্দ হৈছে ভাং-কানি আদি নিচাজাতীয় দ্ৰব্য । গ্ৰেপ্তাৰ হৈছে এই বেহাৰে জড়িত ব্যৱসায়ী । ইয়াৰ লগে লগে লক্ষ্যণীয় ভাৱে বৃদ্ধি পাইছে নিচামুক্তি কেন্দ্ৰ সমূহত নিচাসক্তৰ সংখ্যা । উজনি অসমৰ বিভিন্ন অঞ্চলত কেইবাটাও শাখা থকা মাৰ্ঘেৰিটাৰ নিউ লাইফ ফাউণ্ডেচন নামৰ নিচামুক্তি কেন্দ্ৰটোত মাত্ৰ দুমাহতে প্ৰায় ২৫০ গৰাকী নিচাসক্ত ভৰ্তি হৈছে ।এইসকলৰ অধিকাংশই আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালৰ হোৱা বাবে বিনামূলীয়াকৈ খাদ্য আৰু চিকিৎসাৰ ব্যৱস্থা কৰি আহিব লগা হোৱাত ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে কেন্দ্ৰটো । শণিবাৰে এক সংবাদমেলত এই কথা সদৰি কৰে প্ৰতিষ্ঠানটোৰ উপদেষ্টা সৰোজ গোঁহাই, সভাপতি ৰূপম গগৈ আৰু সম্পাদক গৌতম চৌধুৰীয়ে।

২০১৫ চনত প্ৰতিষ্ঠিত এই কেন্দ্ৰটোৱে প্ৰায় ১২০০ নিচাসক্তক সুস্থ কৰি তুলিবলৈ সক্ষম হোৱাৰ কথা সদৰী কৰি
নিচামুক্ত এখন সমাজ তথা ৰাজ্য গঢ়াৰ স্বাৰ্থত চৰকাৰ তথা সদাশয় ৰাইজক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে ।।

You might also like
Leave A Reply

Your email address will not be published.