বিশ্বনাথৰ ভাছাতাপোত উদ্ধাৰ নিমাতীৰ শোকাৱহ ফেৰী দুৰ্ঘটনাৰ পাছৰে পৰা সন্ধানহীন হৈ থকা এজনৰ মৃতদেহ।মৃতদেহটো ইন্দ্ৰেশ্বৰ বৰাৰ বুলি চিনাক্ত কৰা হৈছে।মৃতদেহৰ পকেটৰ মানি বেগৰ পৰা পোৱা পৰিচয়পত্ৰৰ পৰা জানিব পৰা গৈছে এই কথা।মানি বেগৰ ভিতৰত ভোটাৰ কাৰ্ড,ড্ৰাইভিং লাইচেঞ্চ,পান কাৰ্ড আৰু বহু গুৰুত্বপূৰ্ণ নথি পত্ৰৰ দ্বাৰা নিশ্চিত কৰা হৈছে লোকজনক।ইয়াৰ লগে লগে মাজুলীৰ ভয়ংকৰ ফেৰী দুৰ্ঘটনাত নিহতৰ সংখ্যা দুগৰাকীলৈ বৃদ্ধি পালে।আনহাতে এইপৰ্যন্ত সন্ধানহীন হৈ আছে এই দুৰ্ঘটনাত নিৰুদ্দিষ্ট চিকিৎসক ডাঃ বিক্ৰমজিৎ বৰুৱা।।
