নেপালত ভয়ংকৰ পথ দুৰ্ঘটনা!

ইণ্টাৰনেচনেল ডেস্ক:

নেপালত ভয়ংকৰ পথ দুৰ্ঘটনা। এখন যাত্ৰীবাহী বাছ পথৰ পৰা বাগৰি নৈত পৰাৰ ফলত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনা। নেপালৰ মধেশ প্ৰদেশৰ বাৰা জিলাত সংঘটিত হয় এই দুৰ্ঘটনা।দুৰ্ঘটনাৰ ফলত ১৬ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আঘাটপ্ৰাপ্ত হয় কমেও ৩৫ জন লোক। আহত সকলক হেতাউদা, চুৰে পাহাৰ আৰু ছানচো হাস্পতাললৈ প্ৰেৰণ কৰা হয়। জানিব পৰা মতে, নাৰায়নগড়ৰ পৰা বীৰগঞ্জ অভিমুখে গৈ থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা। তীব্ৰ গতিৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি আৰক্ষী সুত্ৰই সদৰি কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.