ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বিপদ!
ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বাবে নতুন বিপদ আহি পৰিছে। বৰ্তমানে এলাহবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰূপে কাৰ্যনিৰ্বাহ কৰি থকা ন্যায়াধীশ বাৰ্মাৰ বিৰুদ্ধে হোৱা তদন্ত প্ৰতিবেদন ভাৰতৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা হৈছে। উল্লেখ্য যে, দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হৈ থকাৰ সময়ত ন্যায়াধীশ বাৰ্মাৰ বাসভৱনত নোটৰ বাণ্ডিল জ্বলি যোৱা অৱস্থাত উদ্ধাৰ হৈছিল। বৃহৎ পৰিমাণৰ নোট এগৰাকী ন্যায়াধীশৰ বাসগৃহত উদ্ধাৰ হোৱাক লৈ চৌদিশে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ইয়াৰ পিছতে উচ্চতম ন্যায়ালয়ে সমগ্ৰ ঘটনাৰ ওপৰত এখন তদন্ত কমিটি গঠন কৰিছিল। দুগৰাকী মুখ্য় ন্যায়াধীশ আৰু এগৰাকী ন্যায়াধীশক লৈ গঠিত তদন্ত কমিটিয়ে নিজৰ প্ৰতিবেদন যোৱা ৪ মে’ত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ ওচৰত দাখিল কৰে। প্ৰতিবেদন লাভ কৰাৰ পিছতেই ন্যায়াধীশ বাৰ্মাৰ পৰা উত্তৰ বিচাৰিছিল। সকলো তথ্য লাভ কৰাৰ পিছতেই উচ্চতম ন্যায়ালয়ৰ মুখ্য় ন্যায়াধীশ সঞ্জীৱ খান্নাই ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ তদন্ত প্ৰতিবেদন প্ৰেৰণ কৰে। এতিয়া ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ ভৱিষ্যত নিৰ্ভৰ কৰিছে দেশৰ ৰাষ্ট্ৰপতিৰ ওপৰত।