পঞ্জাৱৰ গুৰুদ্বাৰাত মহিলাক গুলীয়াই হত্যা!

 

নেচনেল ডেস্ক :

ঞ্জাৱৰ পাটিয়ালা চহৰৰ গুৰুদ্বাৰা দুখ নিবাৰণ চাহাবত ভয়ংকৰ ঘটনা । গুৰুদ্বাৰাৰ সমীপৱৰ্তী বিলৰ কাষত বহি সুৰাপান কৰি থকা অৱস্থাত এগৰাকী মহিলাক গুলীয়াই হত্যা কৰে এজন লোকে। আনহাতে গুলীত আহত হয় আন এজন সেনা জোৱান। নিহত মহিলাগৰাকী পাটিয়ালাৰ পাৰমিন্দৰ কৌৰ বুলি চিনাক্ত কৰা হৈছে। ইফালে আহত জোৱান গৰাকীৰ নাম সাগৰ মালহোত্ৰা। দুয়োকে ততাতৈয়াকৈ চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও মহিলাগৰাকীক চিকিতৎসকে মৃত ঘোষণা কৰে। আনহাতে জোৱান সাগৰ বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। ঘটনা সংঘটিত কৰিয়েই সেই স্থানৰ পৰা পলায়ন কৰে অভিযুক্তই ।
ঘটনাৰ পিছতে অঞ্চলটোৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিছে। আৰক্ষীয়ে চিকিৎসাধীন সেনা জোৱানজনৰ বক্তব্য লিপিবদ্ধ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.