পুনৰ এনফ’ৰৰ্চমেণ্ট ডিৰেক্টৰেট(ই ডি)ৰ অভিযান!

পুনৰ এনফ’ৰৰ্চমেণ্ট ডিৰেক্টৰেট(ই ডি)ৰ অভিযান। শুকুৰবাৰে দিল্লীৰ আবকাৰী নীতি ২০২১-২২ সম্পৰ্কীয় গোচৰত ইডিয়ে পুনৰ অভিযান চলাই দিল্লী-এনচিআৰ, পঞ্জাৱ আৰু হায়দৰাবাদৰ ৩৫টা কৈ স্থানত । এই পৰ্যন্ত ইডিয়ে চলালে ১০৩ টাৰো অধিক অভিযান । যোৱা মাহত এই গোচৰত গ্ৰেপ্তাৰ কৰিছিল সুৰা প্ৰস্তুতকাৰী কোম্পানী ইণ্ডোস্পিৰিটৰ পৰিচালন সঞ্চালক সমীৰ মহন্দ্ৰুক।

দিল্লীৰ আবকাৰী নীতি ২০২১-২২ ৰূপায়ণৰ ক্ষেত্ৰত সংঘটিত হোৱা অনিয়মৰ সন্দৰ্ভত তদন্তৰ বাবে দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা তথা চিবিআইক পৰামৰ্শ দিছিল। এই অভিযানকালত দুৰ্নীতিত নিমজ্জিত ১১ জন আবকাৰী বিষয়াকো ইতিমধ্যে নিলম্বন কৰা হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.