স্পৰ্টছ ডেস্ক, এন ই ভাৰত-
কলম্বোৰ প্ৰেমদাসা ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত-শ্ৰীলংকাৰ মাজৰ প্ৰথমখন এদিনীয়াত অতি সহজেই বিজয় সাব্যস্ত কৰিলে টীম ইণ্ডিয়াই। প্ৰথমে বেটিং কৰি ঘৰুৱা দল শ্ৰীলংকাই নিৰ্ধাৰিত ৫০ অ’ভাৰত ৯ টা উইকেট হেৰুৱাই ২৬২ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ভাৰতে ৩৬.৪ অ’ভাৰতে ৭ উইকেটত ২৬৩ ৰানেৰে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয়।টীম ইণ্ডিয়াৰ হৈ অধিনায়ক শেখৰ ধাৱানে অপৰাজিত ৮৬ ৰানৰ বৰঙণি আগবঢ়োৱাৰ বিপৰীতে আনগৰাকী অ’পেনাৰ পৃথ্বী শ্ব’ৱে ২৪ টা বলত ৪৩ আৰু নৱাগত ঈশান কিষানে ৪২ টা বলত ৫৯ ৰানৰ অৱদান আগবঢ়ায়।।