বাংলাদেশত পুনৰ মন্দিৰ আক্ৰমণৰ ঘটনা। বাংলাদেশৰ জেনাইদা জিলাৰ দৌতিয়া গাঁৱৰ এটা কালী মন্দিৰত আক্ৰমণ সংঘটিত কৰি কোনো দুষ্কৃতিকাৰীয়ে চুৰমাৰ কৰিলে কালী মূৰ্তিৰ লগতে অন্যান্য দেৱ-দেৱীৰ মূৰ্তি। মন্দিৰ আক্ৰমণত জড়িত অপৰাধীক বাতৰি প্ৰস্তুত কৰা সময়লৈকে চিনাক্ত কৰা হোৱা নাই। ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি দুৰ্বৃত্তক বিছাৰি অভিযান অব্যাহত ৰখা হৈছে বুলি জনাঈছে জেনাইদা আৰক্ষীৰ সহকাৰী অধীক্ষক অমিত কুমাৰ বৰ্মনে। উল্লেখ্য যে, ব্ৰিটিছৰ দিনৰে পৰা মা কালী ভক্তসকলে এই মন্দিৰটোত পূজা অৰ্চনা কৰি আহিছে।।
![](https://nebharat24.com/wp-content/uploads/2021/12/nebharat-square-150x150.png)