বাৰ্ড ফ্লু’ত মৃত্যু কিশোৰৰ!

নেচনেল ডেস্ক-

বাৰ্ড ফ্লু’ৰ ফলত মঙলবাৰে দিল্লীৰ এইমছত মৃত্যু হয় এজন ১১ বছৰীয়া কিশোৰৰ। এই বছৰৰ H5N1 এভিয়ান ইনফ্লুৱেঞ্জাত মৃত্যু হোৱা প্ৰথমজন আক্ৰান্ত । ইতিমধ্যে মৃত কিশোৰজনৰ সম্পৰ্কত থকা সকলো কৰ্মচাৰীকে আছুতীয়াকৈ ৰখা হৈছে বুলি এইমছৰ এজন বিষয়াই জানিবলৈ দিয়ে।

জানুৱাৰী মাহতে দেশৰ কেইবাখনো ৰাজ্যত কাউৰী আৰু পৰিভ্ৰমী প্ৰজাতিৰ চৰাইৰ মৃত্যু ঘটিছিল যাৰ ফলত কৰ্তৃপক্ষই এভিয়ান ইনফ্লুৱেঞ্জা ভাইৰাছৰ নমুনা পৰীক্ষা কৰিছিল। কেৰালা, ৰাজস্থান, মধ্য প্ৰদেশ, হাৰিয়ানা, হিমাচল প্ৰদেশত বাৰ্ড ফ্লু’ বিয়পা নিশ্চিত কৰা হৈছিল আৰু মহাৰাষ্ট্ৰত সতৰ্কতা জাৰি কৰা হৈছিল।

প্ৰতিবেদন অনুসৰি, ৰাজস্থান, মধ্য প্ৰদেশ আৰু কেৰালাৰ নমুনাবোৰত ভাইৰাছটোৰ A (H5N8) স্ট্ৰেইনৰ পজিটিভৰ উপস্থিতি পাইছিল। আনহাতে হিমাচল প্ৰদেশৰ নমুনাবোৰে A (H5N1) স্ট্ৰেইনৰ উপস্থিতি পাইছিল।।

You might also like
Leave A Reply

Your email address will not be published.