নেচনেল ডেস্ক:
বিএছএফ জোৱানৰ বৃহৎ সাফল্য! পাক সীমান্তত পাকিস্তানী ড্ৰোণ ভূপতিত কৰি উদ্ধাৰ কৰিলে ১৪ কোটি টকাৰ হেৰ’ইন। পঞ্জাৱৰ ভাৰত-পাক আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ বিঅ’পি ৰাজাতালৰ অন্তৰ্গত ভৈনী ৰাজপুতানা গাঁৱত সংঘটিত হৈছে এই ঘটনা।
বিএছএফৰ কমাণ্ডেণ্ট অজয় কুমাৰ মিশ্ৰই জনোৱা অনুসৰি, ড্ৰোনখন পথাৰত পৰি থকা অৱস্থাত পোৱা গৈছিল। ড্ৰোণখনত এটা মোনা বান্ধি থোৱা আছিল। সেই মোনাটোত দুটা পেকেটত ২.১ কিলোগ্ৰাম সন্দেহজনক হেৰ’ইন উদ্ধাৰ কৰা হয়। যাৰ আন্তৰ্জাতিক বজাৰ মূল্য প্ৰায় ১৪ কোটি টকা।।