অহা ২ আগষ্টত হেঙেৰাবাৰীত গেৰুৱা বসন পিন্ধিব থাওৰা সমষ্টিৰ কংগ্ৰেছ বিধায়ক সুশান্ত বৰগোহাঁয়ে! বিজেপি মুখি বাট বুলিছে ভবানীপুৰৰ AIUDF বিধায়ক ফনীধৰ তালুকদাৰেও! এই দুই নেতাক লৈ চৰ্চাৰ মাজতে গেৰুৱা বসন পিন্ধিবলৈ সাজু হৈছে প্ৰদেশ কংগ্ৰেছৰ আন এজন জ্যেষ্ঠ নেতা। বিহালী সমষ্টিৰ পৰা শেহতীয়া নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰূপে প্ৰতিদ্বন্দিতা কৰি বৰ্তমানৰ বিজেপি বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত দত্তৰ হাতত পৰাজয় বৰণ কৰা ৰূপক শৰ্মায়ো থাওৰাৰ বিধায়ক সুশান্ত বৰগোহাঁইৰ সৈতে একেলগে বিজেপিত যোগ দিব বুলি গুনগুননি উঠিছে।অবশ্যে কেউজন নেতাৰেই বিজেপিত যোগদানৰ নিশ্চয়তা আনুষ্ঠানিকতাৰ পাছতহে স্পষ্ট হ’ব।
