বিধ্বংসী অগ্নিকাণ্ড!

নেচনেল ডেস্ক-

কলকাতা চহৰৰ উত্তৰে কেষ্টোপুৰত দেওবাৰে সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত এজন লোক গুৰুতৰভাৱে অগ্নিদগ্ধ হোৱাৰ লগতে প্ৰায় ৩০ খন দোকান ভষ্মিভূত হয়।

প্ৰাপ্ত খবৰ মতে, পুৱা প্ৰায় ২ বজাত সংঘটিত হোৱা জুই নুমোৱাৰ বাবে পোন্ধৰখন অগ্নি নিৰ্বাপক গাড়ীয়ে তিনি ঘণ্টা অহৰহ চেষ্টা কৰিছিল।

উল্লেখযোগ্য যে,কেষ্টোপুৰৰ সাতৰূপা পালিৰ পথৰ কাষৰ সামগ্ৰীৰ দোকানত প্ৰথমে জুই লাগিছিল আৰু কম সময়ৰ ভিতৰতে ওচৰৰ আন আন দোকানবোৰলৈ বিয়পি বিয়পি পৰিছিল ।।

You might also like
Leave A Reply

Your email address will not be published.