বিস্ফোৰণত কঁপিল ইৰাকৰ বিমানবন্দৰ

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল ইৰাকৰ এৰবিল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ।প্ৰাপ্ত খৱৰ মতে, দেওবাৰে মাজনিশা ইৰাকৰ এৰবিল আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ ওচৰত সংঘটিত হৈছে কেইবাটাও ভয়ংকৰ বিস্ফোৰণ । বিস্ফোৰণবোৰ ড্ৰোন বা ৰকেট আক্ৰমণৰ দ্বাৰা সংঘটিত কৰা বুলি অনুমান কৰা হৈছে।

ইফালে, কুৰ্দিস্তান চিটিয়ে দুটা ড্ৰোনে আক্ৰমণ কৰা বুলি জানিবলৈ দিয়ে য’ত এটা ড্ৰোন দুৰ্ঘটনাগ্ৰস্ত হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.