বুধবাৰৰ পৰা বন্ধ হ’ব ফেচবুক,টুইটাৰ,ইনষ্টাগ্ৰাম ?

নিউজ ডেস্ক,এন ই ভাৰত


কেন্দ্ৰীয় চৰকাৰে জনপ্ৰিয় চ’চিয়েল মিডিয়া সমুহক দিয়া নিৰ্দেশনা উপযুক্ত সময়ত কাৰ্যকৰী কৰাত ব্যৰ্থ হোৱাত প্ৰেৰণ কৰে সতৰ্কতামূলক জাননী। চলিত বছৰৰ ২৫ ফেব্ৰুৱাৰীত ভাৰত চৰকাৰৰ ইলেকট্ৰনিক্স এণ্ড ইন্‌ফৰমেচন টেকনোল’জি বিভাগে নতুন আই টি বিধি ২০২১ পালন কৰাৰ বাবে তিনি মাহ সময় সীমা বান্ধি দিছিল, যাৰ ম্যাদ ২৫ মে’ত অন্ত হ’ব। নতুন বিধি মতে চ’চিয়েল মিডিয়া সমূহে কমপ্লায়েন্স বিষয়া নিয়োগ, ভাৰতত বিষয়া গৰাকীৰ নাম তথা যোগাযোগৰ ঠিকনা প্ৰদান, অভিযোগৰ সমাধান, আপত্তিজনক বিষয়বস্তুৰ পৰ্যবেক্ষণ কমপ্লায়েন্স ৰিপ’ৰ্ট আৰু আপত্তিজনক বিষয়বস্তুৰ অপসাৰণ এই নীতি নিৰ্দেশনা পালন কৰিব লাগিব। এই নিৰ্দেশনা মাত্ৰ এটা প্ৰতিষ্ঠানৰ বাহিৰে আন প্ৰতিষ্ঠান সমূহে কৰা নাই পালন। ওলোটাকৈ বিছাৰিছে পুনৰ ছয় মাহ সময়হে।
নতুন বিধিমতে, ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা , বিদেশ, গৃহ, আই এণ্ড বি, আইন, আই টি তথা মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ প্ৰতিনিধিৰ এখন কমিটি অন্তৰ্ভূক্ত কৰা হ’ব। এই কমিটিৰ হাতত থাকিব নিয়ম উলংঘা, অভিযোগ শুনা তথা ‘চ্যু ম’তো ক্ষমতা। চৰকাৰৰ যৌথ সচিব এগৰাকীক মনোনিত কৰিব ‘অনুমোদিত বিষয়া’ হিচাপে যি গৰাকীয়ে নিয়ম ভংগ কৰা যিকনো বিষয়বস্তু ‘ব্লক’ কৰিব পাৰে বা চৰকাৰৰ নিয়ন্ত্ৰিত কমিটিলৈ প্ৰেৰণ কৰিব পাৰে।
পৰৱৰ্তী সময়ত এই জনপ্ৰিয় চ’চিয়েল মিডিয়া সমূহে কি কাৰ্যপন্থা হাতত লয় ই লক্ষণীয় হ’ব।।

You might also like
Leave A Reply

Your email address will not be published.