নিউজ ডেস্ক:
জীৱনৰ সফলতা তথা মানসিক উৎকৰ্ষ সাধনত বয়স হেঙাৰ হ’ব নোৱাৰে! আমাৰ দেশৰ অধিকাংশ লোকে অৱসৰৰ পিছত জীৱনটোক শেষ সময় বুলি ভাৱি অতিবাহিত কৰাৰ বিপৰীতে এনেকুৱা কিছু লোকো আছে যিসকলে জীৱনৰ শেষ সময়চোৱা আন ব্যতিক্ৰমী কামত ব্ৰতী হৈ নিজৰ লগতে মানৱ সমাজক মহীয়ান কৰে। এনে এজন ব্যতিক্ৰমী ব্যক্তি হৈছে নোবেল জয়ী গণিতজ্ঞ চি ৰাধাকৃষ্ণ ৰাও। ষাঠি বছৰ বয়সত তেওঁ অৱসৰ গ্ৰহণ কৰি নাতি-নাতিনীসহ কন্যাৰ সৈতে আমেৰিকাত থাকিবলৈ যায়। তাত ৬২ বছৰ বয়সত পিটচবাৰ্গ বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা বিভাগৰ অধ্যাপক আৰু ৭০ বছৰ বয়সত পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ বিভাগৰ মুৰব্বী হয়গৈ। ৭৫ বছৰ বয়সত তেওঁ আমেৰিকাৰ নাগৰিকত্ব লাভ কৰে। ৮২ বছৰ বয়সত তেওঁ হোৱাইট হাউছৰ National Medal For Science সন্মান লাভ কৰে। ১০২ বছৰ বয়সত পৰিসংখ্যা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে চি ৰাধাকৃষ্ণ ৰাৱে।
ভাৰতত ইতিমধ্যে চৰকাৰে পদ্ম ভূষণ (১৯৬৮) আৰু পদ্ম বিভূষণ (২০০১)ৰে সন্মানিত কৰিছে চি ৰাধাকৃষ্ণ ৰাৱক। ১০২ বছৰ বয়সতো সুস্থ শাৰীৰিক শক্তিৰে নোবেল বঁটা গ্ৰহণ কৰা ৰাও হয়তো প্ৰথম উদাহৰণ। সমগ্ৰ বিশ্ববাসীৰ বাবেই চি ৰাধাকৃষ্ণ ৰাৱৰ জীৱন পৰিক্ৰমা নিঃসন্দেহে বিৰল আদৰ্শ।।