পদকৰ আশা পুৰন ন’হল ভাৰতীয় মহিলা হকী দলৰ।ব্ৰঞ্জৰ বাবে দুৰ্দান্ত প্ৰদৰ্শন স্বত্বেও গ্ৰেট ব্ৰিটেইনৰ বিৰুদ্ধে ৪-৩ গ’লৰ ব্যৱধানত পৰাস্ত হৈ টকিঅ’ অলিম্পিকত যাত্ৰা সামৰিলে ভাৰতৰ মহিলা হকীৰ দলটোৱে।অবশ্যে অলিম্পিক ইতিহাসত প্ৰথমবাৰলৈ ছেমি ফাইনেলত প্ৰৱেশ কৰি দৃষ্টান্ত ৰচিবলৈ সক্ষম হ’ল ভাৰতীয় মহিলাৰ হকী দলটোৱে।
