ভাৰতীয় মূলৰ ঋষি সুনাক হ’ব নেকি ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰী?

ইণ্টাৰনেচনেল ডেস্ক:

ভাৰতীয় মূলৰ ঋষি সুনাক হ’ব নেকি ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰী? শুকুৰবাৰে সন্ধিয়া ব্ৰিটিছ কনজাৰ্ভেটিভ দলৰ নেতা ঋষি সুনাকে দলৰ নেতা পদত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে নূন্যতম ভোট লাভ কৰিবলৈ সক্ষম হয়। ঋষি সুনাকে ১০০টা নূন্যতম মনোনিত ভোট পাবলৈ সমৰ্থ হৈছে। উল্লেখ্য যে, জুলাই মাহত পদত্যাগ কৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছনে প্ৰধান মন্ত্ৰী পদৰ বাবে প্ৰত্যাৱৰ্তন কৰাৰ ইংগিত দিছিল ।

প্ৰধানমন্ত্ৰী লিজ ট্ৰাছৰ নাটকীয় পদত্যাগৰ পিছত ব্ৰিটেইনৰ শাসকীয় দলটোৱে দ্বিতীয়বাৰৰ বাবে নেতৃত্বৰ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বাধ্য হোৱাৰ পিছত কেবিনেট সদস্য পেনি মৰ্ডাউণ্টে আনুষ্ঠানিকভাৱে নিজৰ প্ৰাৰ্থীত্ব ঘোষণা কৰা প্ৰথমগৰাকী ব্যক্তি হিচাপে পৰিগণিত হয়। আনহাতে চুনাকৰ প্ৰতিদ্বন্দীসকলে তেওঁলোকৰ সতীৰ্থ ট’ৰী সাংসদৰ পৰা ১০০টা মনোনয়ন লাভ কৰাত ব্যৰ্থ হ’লে সুনাক স্বয়ংক্ৰিয়ভাৱে দলীয় নেতা তথা প্ৰধানমন্ত্ৰী পদৰ বাবে নিৰ্বাচিত হ’ব।।

You might also like
Leave A Reply

Your email address will not be published.