নেচনেল ডেস্ক:
ভাৰতৰ বিমানবন্দৰত এই পৰ্যন্ত সৰ্বাধিক বিদেশী মুদ্ৰা জব্দৰ ঘটনা। শুল্ক বিভাগে দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল-৩ ত জব্দ কৰে ১০ কোটিতকৈ অধিক বিদেশী মুদ্ৰা। শুল্ক বিষয়াসকলে ইস্তানবুললৈ ৰাওনা হ’বলগীয়া ৩ জন তাজিক নাগৰিকৰ লাগেজত তালাচী চলোৱাত উদ্ধাৰ হয় ৭ লাখ ২০ হাজাৰ আমেৰিকান ডলাৰ আৰু ৬৬৪,২০০ ইউৰো। জব্দকৃত বিদেশী মুদ্ৰাখিনিৰ ভাৰতীয় মূল্য ১০.০৭ কোটি টকা। অভিযুক্তসকলে জোতাৰ ভিতৰত লুকুৱাই ৰাখিছিল বিদেশী মুদ্ৰাখিনি।
জব্দকৃত বিদেশী মুদ্ৰাখিনি শুল্ক আইন, ১৯৬২ৰ ১১০ নং ধাৰাৰ অধিনত জব্দ কৰা হৈছে বুলি শুল্ক বিষয়াই জানিবলৈ দিয়ে। ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি অধিক তদন্ত অব্যাহত ৰখা হৈছে। উল্লেখ্য যে, আটকাধীন তিনিজন লোকৰ ভিতৰত এজন নাবালক বুলি জানিব পৰা গৈছে।।