ভেকচিনক লৈ ভূৱা প্ৰচাৰ

নেচনেল ডেস্ক, এন ই ভাৰত

ক’ভিড ভেকচিন প্ৰসংগত ন’বেল বিজয়ী প্ৰখ্যাত ফৰাচী চিকিৎসা বিজ্ঞানী লুক মন্টাগনিয়েৰৰ এক সাক্ষাতৰ অপবাখ্যাৰে চ’ছিয়েল মিডিয়াত শেহতীয়াকৈ পৰিলক্ষিত ভূৱা প্ৰচাৰত উদ্বিগ্নতা প্ৰকাশ কৰিছে ভাৰত চৰকাৰৰ তথ্য- সম্প্ৰচাৰ মন্ত্ৰ্যালয়ে। ভেকচিন ল’লে দুবছৰৰ ভিতৰত মৃত্যু হ’ব বুলি প্ৰখ্যাত চিকিৎসা বিজ্ঞানী গৰাকীৰ নাম লৈ ভূৱা বাতৰি প্ৰচাৰ হোৱা বুলি তথ্য-সম্প্ৰচাৰ মন্ত্ৰ্যালয়ে নিশ্চিত কৰি সদৰি কৰিছে যে ক’ভিড ভেকচিন সম্পূৰ্ণ ৰূপে সুৰক্ষিত। সম্প্ৰতি সমগ্ৰ বিশ্বজুৰি চলি আছে ক’ভিডৰ টীকাকৰণ।
উল্লেখযোগ্য যে ইতিমধ্যে ন’বেল বিজয়ী ফৰাচী বিজ্ঞানী গৰাকীৰ ফটোসহ অসমতো একাংশ লোকে চ’ছিয়েল মিডিয়াত চলোৱা অপপ্ৰচাৰ প্ৰতিৰোধৰ বাবে ৰাজ্যবাসীক আহ্বান জনাইছিল অসম আৰক্ষীয়ে।এই দু:সময়ত এনে ভূৱা প্ৰচাৰ মহামাৰীৰ সমানেই ভয়াবহ বুলি টুইট যোগে সকিয়াই দিছিল অসম আৰক্ষীয়ে।।

You might also like
Leave A Reply

Your email address will not be published.