নেচনেল ডেস্ক:
মধ্যপ্ৰদেশৰ কাটনি জিলাত ভয়ংকৰ পথ দুৰ্ঘটনা। এখন তীব্ৰবেগী মিনি ট্ৰাক বাগৰি যোৱাৰ ফলত থিতাতে নিহত তিনিগৰাকী মহিলা।আনহাতে দুৰ্ঘটনাত আহত হয় ১০ জনতকৈ অধিক লোক ।জানিব পৰা মতে, দেওবাৰে নিশা প্ৰায় ৯ বজাত সতনাৰ মাইহাৰ চহৰৰ এটা মন্দিৰ পৰিদৰ্শন কৰি জবলপুৰলৈ উভতি আহি থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনাটো। আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আৰক্ষী সূত্ৰই জনোৱা মতে নিহত আৰু আহত লোকসকল জবলপুৰৰ বাৰেলা অঞ্চলৰ বাসিন্দা।।