ম’হখুলিত চকাত গুলীয়াই ৰখোৱা গাড়ীত কি পালে?

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত-

নগাঁৱৰ ম’হখুলিত আজি সন্ধ্যা প্ৰায় ৬ বজাত এখন বাহনলৈ লক্ষ্য কৰি  অসামৰিক পোছাকত অহা আৰক্ষীৰ দলে গুলীচালনা কৰে। জানিব পৰা মতে, মৰিগাঁৱৰ পৰা লখিমপুৰ অভিমুখে গৈ থকা বাহনখনক মৰিগাঁও আৰক্ষীৰ এটা দলে অনুসৰণ কৰি আহিছিল। নগাঁও মেডিকেল কলেজ পাৰ হোৱাৰ পিছতেই আৰক্ষীৰ দলটোৱে পলাশনী পথাৰৰ সমীপত বাহনখনলৈ গুলীচালনা কৰে। আৰক্ষীয়ে বাহনখনত অহা ৫ যুৱকক আটক কৰি নগাঁও সদৰ আৰক্ষী থানালৈ লৈ যায়। আটকাধীন যুৱককেইজন লখিমপুৰ জিলাৰ শিয়ালমাৰীৰ নুৰুল হক চৌধুৰী, ছফিকুল আলী, ছাইফুল ইছলাম, ছাইদুল আলী আৰু আছাদুল ইছলাম। ইতিমধ্যে আছাদুলক লগত লৈ মৰিগাঁও আৰক্ষীৰ এটা দলে অভিযান চলাই আছে। নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই জনোৱা মতে, ড্ৰাগছৰ সন্ধানতে এই অভিযান চলাইছিল মৰিগাঁও আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত অহা দলটোৱে।।

You might also like
Leave A Reply

Your email address will not be published.