মহাজাগতিক!

প্ৰায় ৪,৫০০ ফুট ব্যাসৰ এটা নতুন গ্ৰহাণু পৃথিৱীৰ ওচৰেৰে ২১ আগষ্টৰ নিশা পাৰ হৈ যাব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ সংস্থা নাছাই জনোৱা মতে প্ৰথমবাৰৰ বাবে জানুৱাৰী ২০১৬ ত পেনোৰামিক চাৰ্ভে টেলিস্কোপ আৰু ৰেপিড ৰেচপন্স চিষ্টেম (পেন-ষ্টাৰ্ছ)ৰ দ্বাৰা গ্ৰহাণুটোক দেখা গৈছিল। গ্ৰহাণুটোৱে পৃথিৱী আৰু চন্দ্ৰতকৈ ৯ গুণ দূৰত্বৰ পৰা প্ৰতি ঘণ্টাত ৯৪,২০৮ কিলোমিটাৰ গতিত পৃথিৱীৰ কাষেৰে পাৰ হ’ব। মনকৰিবলগীয়া কথা যে গ্ৰহাণুটোক লৈ জ্যোতিৰ্বিজ্ঞানীসকল যথেষ্ঠ উৎসাহী কিয়নো দূৰবীণৰ জৰিয়তে পৃথিবীৰ কক্ষপথৰ ওপৰেৰে পাৰ হৈ যাওতে ১.৪ কিলোমিটাৰ বহল গ্ৰহাণুটো চাবলৈ সক্ষম হ’ব।

ইফালে গ্ৰহাণু 2016 AJ 193ক ‘সম্ভাৱ্য বিপদজনক’ হিচাপে তালিকাভুক্ত কৰে নাছাই। পুনৰ ২০৬৩ চনত পৃথিৱীৰ ওচৰলৈ আহিব এই গ্ৰহাণুটো।।

You might also like
Leave A Reply

Your email address will not be published.