মহানগৰীত চাঞ্চল্যকৰ দিন ডকাইতি

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

গুৱাহাটীৰ ফটাশিল আমবাৰিত সংঘটিত হ’ল চাঞ্চল্যকৰ দিন ডকাইতিৰ কাণ্ড। ফটাশিলৰ HDFC বেংকৰ সমুখত থকা এখন ইন’ভা গাড়ীৰ পৰা দুবৃত্তৰ দলে লুটি নিলে ৩৫ লাখ টকা।পানবজাৰৰ SBI আৰু বৰোডা বেংকৰ পৰা ভবেন্দ্ৰ পাল সিং নামৰ ব্যবসায়ী এজনে উলিয়াই আনিছিল ৪০ লাখ টকা।ব্যবসায়ী জনৰ গাড়ীৰ চালক আৰু কৰ্মচাৰীয়ে উলিয়াই আনিছিল টকাখিনি।পাছত ফটাশিলৰ HDFC বেংকৰ সমুখত ৰখাই থোৱা ব্যৱসায়ীজনৰ AS-01-DU 0003 নম্বৰৰ গাড়ীখনৰ ভিতৰত থকা বেগৰ পৰা অচিনাক্ত দুৰ্বৃত্তই ৩৫ লাখ টকা লৈ উধাও হয় যদিও গাড়ীখনৰ ভিতৰতে ৰৈ যায় ৫ লাখ টকা। এই চাঞ্চল্যকৰ ঘটনাৰ পাছতে আৰক্ষীয়ে ব্যাপক অভিযান আৰম্ভ কৰিছে।

You might also like
Leave A Reply

Your email address will not be published.