লৌহ কন্যা লাভলীনা বৰগোঁহাইৰ বাবে মহানগৰীত বৃক্ষ ৰোপণ। টকিঅ’ অলিম্পিকত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ যোৱা অসম কন্যা লাভলীনা বৰগোঁহাইক উৎসাহিত কৰাৰ উদ্দেশ্যে বুধবাৰে মহানগৰীৰ চচল স্থিত অসম মীন উন্নয়ন নিগমৰ কাৰ্য্যালয়ত বৃক্ষ ৰোপণ কাৰ্যসূচী ৰূপায়ন কৰি দুৰন্ত বক্সাৰ গৰাকীৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰা হয়। অসম মীন উণ্ণয়ন নিগমৰ প্ৰকল্প সঞ্চালক পদ্ম কান্ত হাজৰিকাই গছ পুলি ৰোপণ কৰি লাভলীনা বৰগোঁহাইক শুভেচ্ছা আৰু আশীষ জ্ঞাপন কৰে।
অসম কন্যা লাভলীনা বৰগোঁহাইয়ে অলিম্পিকত স্বৰ্ণ পদক লাভ কৰি দেশৰ লগতে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে সঞ্চালক গৰাকীয়ে।।
